মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ ভূমি সংৰক্ষণ ভূমি সংৰক্ষ সঞ্চালকালয়

ৰোৱা শস্যৰ উন্নয়ন
  • নগদ শস্যৰ উন্নয়নঃ মধ্যমীয়া ধৰণে ঢাল খোৱা সৰু টিলাৰ এঢলীয়া খিনিত ৰবৰ, কফি আদিৰ খেতিয়ে মাটিখিনি বহনক্ষম হিচাপে বেছি ভূমি সংৰক্ষণ কৰে। অসমত কফি আৰু ৰবৰৰ খেতিৰ বাবে প্ৰচুৰ সম্ভাৱনা আছে। কফি আৰু ৰবৰৰ খেতি অসমত কৰিবলৈ ভূমি সংৰক্ষণ বিভাগটো সদায় আগৰণুৱা হৈ আছে। যিয়ে হওক, অসম শস্য ৰোপন উন্নয়ন নিগম স্থাপনৰ পিছত এই ক্ষেত্ৰত কাম কৰাৰ পৰা ভূমি সংৰক্ষণৰ বিভাগটো নামি আহিল। পাহাৰী জিলা কাৰ্বি আংলং আৰু উত্তৰকাছাৰ পাৰ্বত্য জিলাৰ ঝুম খেতিৰ সলনি কৰিবলৈ বুলি আঁচনি হাতত লৈ ভূমি সংৰক্ষণ বিভাগে জিলা দুখনত প্ৰচুৰ কফি আৰু ৰবৰৰ খেতি কৰিছে। নগদ শস্য উত্পাদন আঁচনিৰ অধীনত চাহ খেতিও কৰা হয়।
  • বনানীকৰণঃ ৰক্ষাকাৰী হিচাপে বনানীকৰণঃ কৃষি ভূমিৰ বাবে অযোগ্য নদীয়লীয়া মাটি, খেতিৰ বাবে অনুপযোগী নিম্ন মানৰ সকলো গৰাবাদী মাটিকে ভূমিপৃষ্ঠৰ সুৰক্ষাৰ বাবে বনানীকৰণৰ অধীনলৈ অনা হৈছে। বনানীকৰণৰ বাবে ঘাইকৈ, শাল, চেগুন, গমাৰী, তিতাচপা আদিকে বনানীকৰণ আঁচনিৰ অধীনত লোৱা হৈছে। ভূমি সংৰক্ষণ বিভাগৰ অধীনত বৃহত আকাৰত ৰোপনৰ বাবে বাঁহ গছকেই লোৱা হৈছে আৰু নৈ পৰীয়া বালি চহীয়া মাটিত শিশু আৰু খৈৰা গছ ৰোপন কৰা হৈছে।
  • বনৌষধি গছঃ ভূমি সংৰক্ষণ বিভাগে সাধাৰণতে আমলখি, ভোমোৰা, শিলিখা, নিম, অৰ্জুন আদিৰ দৰে ঔষধি গছবিলাক প্ৰধানকৈ গৰাবাদী মাটিত আৰু বিদ্যালয়, মহাবিদ্যালয়, চিকিত্সালয়, মন্দিৰ, মছজিদ, গীৰ্জা, শ্মশান আদিৰ বাবে ৰাজহুৱা স্থানত ৰোপন কৰিছে।
  • উদ্যানপালন গছঃ ভূমি সংৰক্ষণ বিভাগে সাধাৰণেতৰ আম, অসমীয়া নেমু, কল, লিচু, কমলা, নাৰিকল, মধুৰি আম, অমিতা, কাজু বাদাম, জালুক, তামোল, আনাৰস, কঠাল আদি ফল-মূলৰ গছবিলাক বিদ্যালয়, মহাবিদ্যালয়, চিকিত্সালয়, মন্দিৰ, মছজিদ, গীৰ্জা, শ্মশান আদিৰ দৰে ৰাজহুৱা স্থান আৰু ব্যক্তিগত মালিকানাৰ ঠাইতো ৰোপন কৰে।
  • বাটৰ কাষত বৃক্ষৰোপনঃ চিলভাৰ ওক, থুজা, ক্ৰটন, বটল ব্ৰাচ, দেবদাৰু আৰু গোলাপ ফুল আৰু ঋতুত হোৱা শোভাবদ্ধক গছ-গছনিসমূহ উদ্যান, বিদ্যালয়, সৌন্দৰ্য বৰ্দ্ধনৰ বাবে ৰোৱা হয়।