মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ ভূমি সংৰক্ষণ ভূমি সংৰক্ষ সঞ্চালকালয়

ভূমি উন্নয়ন

ভূমি উন্নয়ন কৰ্মঃ

ভূমি উন্নয়ন কৰ্ম হৈছে কৃষিকৰ্ম কৰিবৰ জোখেৰে বহনক্ষম অৱস্থালৈ নিবলৈ কৰা মাটিৰ কৰ্ম। এই কামৰ অন্তৰ্গত হল বহনক্ষম ভূমি কৰ্মৰ উন্নয়নৰ বাবে কৃষি ক্ষেত্ৰ বা গৰাবাদী ভূমিত মথাউৰি দিয়া, নলা খন্দা, মাটি সমান কৰা, নক্সা মতে মথাউৰি দিয়া, ওখকৈ বন্ধা সমান ঠাই আদি।

  • পথাৰৰ মথাউৰি আৰু ৰেখাকৰণৰ বান্ধঃ মাটি ভৰ্তি কৰি এই মথাউৰি বিলাক সজা হয়। পানী ওলাই যোৱাটো নিয়ন্ত্ৰণ কৰিবলৈ এঢলীয়া ঠাইত উপযুক্তভাৱে বিৰতি দি উপযুক্ত উচ্চতা সম্পন্ন আৰু ওপৰ আৰু তলৰ জোখমতে দি এই বান্ধ বিলাক নিৰ্মাণ কৰা হয়,-- যিটোৱে বান্ধৰ ভিতৰৰ অংশটোত জল সংৰক্ষণ কৰে। এইটোৱে কৃষি ক্ষেত্ৰত অধিক উত্পাদন কৰে।
  • বেঞ্চ টেৰেচিং : যেতিয়া মাটিৰ ঢাল অধিক হয়, তেতিয়া খহনীয়া ৰোধ কৰিবলৈ বান্ধ যথেষ্ট নহয়। তেনে ক্ষেত্ৰত এঢলীয়া ঠাইখিনিত আধা-কাটি আৰু আধা মাটিৰে ভৰ্তি কৰি বেঞ্চ সজা হয়।