মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ ভূমি সংৰক্ষণ ভূমি সংৰক্ষ সঞ্চালকালয়

গৰাখহনীয়া ৰোধৰ গাঁথনি

কৃষকৰ পথাৰত (নৰ্দমা নিয়ন্ত্ৰণৰ কাম)

নৰ্দমা নিয়ন্ত্ৰণ কৰ্মঃ- নৰ্দমাৰ খহনীয়া হৈছে ৰাজ্যখনৰ বাবে প্ৰধান খহনীয়া সমস্যা, যিটোৱে বাৰ্ষিক ৩০০০ হেক্টাৰ কৃষি ভূমি নষ্ট কৰে। ভূমি ভাগৰ ওপৰেদি পানী বাগৰি আহি থাকি নৰ্দমাৰ সৃষ্টি কৰে আৰু সৰু সৰু লোৰৰ সৃষ্টি কৰি প্ৰথমে খহনীয়া আৰু অৱশেষত সাৰুৱা মাটিৰ উপৰি খণ্ডত বুজন পৰিমাণৰ খেতি কৰে। পানী বাগৰি হোৱা তেনেকুৱা লোৰৰ মুখ আৰু তাৰে ঠাল-ঠেঙুলি বিলাকে বন্ধ কৰিবলৈ বুলি তাৰে মূৰত ভেটা দিয়া হয় যাতে শস্য সজা প্ৰধান ঠাইখিনি পানীৰে সেমেকাই ৰাখি অধিক শস্য উত্পাদনত সহায়ক হয়।

সুতিৰ পাৰৰ খহনীয়া

নদীৰ ওপৰত প্ৰশিক্ষণ/নদী তীৰ স্থিৰে ৰখা কামঃ- অসমৰ নদী/সুঁতি বিলাকে অকোৱা পকোৱা ধৰণৰ আৰু সেই বাবে নৈ আৰু উপনৈসমূহৰ কাষৰীয়া অঞ্চলত খহনীয়াৰ বাবে সাংঘাতিক পৰিস্থিতিৰ সৃষ্টি হয়। নৈৰ তলত গেদ পৰি প্ৰতিবছৰে বাম হৈ অহা বা প্ৰতি বছৰে অৱস্থাতো বেয়া হৈ আহে। নৈৰ পাৰৰ খহনীয়া ৰোধ কৰা, খহনীয়া হোৱা নৈৰ পাৰসমূহ সুস্থিৰ কৰা, নৈৰ অকোৱা পকোৱা গতি ৰোধ কৰা আদি হৈছে এইটো বিভাগৰ প্ৰধান কাম। এই সমস্যাটো সমাধানৰ বাবে এইটো বিভাগেই বাঁহ/কাঠৰ টুকুৰা/শিলৰ টুকুৰা, শিলৰ গড় দিয়া মেৰ কটা কাম আদি কৰে।