ৰাজ্যখনে সন্মুখীন হোৱা ডাঙৰ সমস্যাটো হৈছে ভূমি স্খলন সমস্যা, যি বিলাক ঠাইত পৰিবৰ্তনশীল খেতি কৰা হয়, সেই ঠাইত এই সমস্যাৰ প্ৰকোপ বেছি। জনজাতি বসতি প্ৰধান ষষ্ঠ অনুসূচীৰ অন্তৰ্ভুক্ত জিলা সমূহত প্ৰাচীন পদ্ধিতত বা পৰিবৰ্তনশীল প্ৰক্ৰিয়াৰে খেতি কৰা হয়, তাতে এই বাঢ়ি আহি থকা সমস্যাটো অধ্যয়নৰ বাবে বহুদিনৰ বাব অনুভৱ কৰি থকা হৈছে। ১৯৫৩ চনত ৰাজ্যিক চৰকাৰ আৰু কিছুমান জনজাতীয় নেতাৰ অনুৰোধত ভাৰত চৰকাৰৰ বন বিভাগৰ মহাপৰিদৰ্শক আৰু কৃষি আয়ুক্তই এটা প্ৰাৰম্ভিক অধ্যয়ন চলাইছিল। বিশেষজ্ঞসকলৰ পৰামৰ্শৰ ভিত্তিত ১৯৫৪ চনত পৰিবৰ্তনশীল কৃষি কৰ্মৰ বাবে হোৱা ভূমিৰ নিম্নগামী উৰ্বৰতাৰ ওপৰত অধ্যয়ন কৰি ব্যৱস্থা লবলৈ গাৰো পাহাৰত বাটকটীয়া হিচাপে এটা প্ৰকল্প হাতত লয়। বিশেষজ্ঞসকলে এটা কথালৈ আঙুলিয়াই দেখুৱালে যে সেই ঠাইত ভূমিৰ নিম্নগামী উৰ্বৰতাৰ তুলনাত ভূমি স্খলনৰ কথাটো বৰ এটা ধৰিবলগীয়া নহয়। তদুপৰি আন এটা কথাও দেখুৱালে যে সংহত কৃষি কৰ্মই ভূমিৰ অনুৰ্বৰতা কমাব পাৰে।
সংহত কৃষিৰ বাবে ভূমিৰ ব্যৱহাৰটো এনেকৈ দেখুওৱা হল যে, ওপৰৰ এঢলীয়া খিনিৰ মাটি ধুই নিয়াৰ পৰা ৰক্ষা কৰিবলৈ আৰু নিজৰা বৈ থাকিবলৈ বুলি তাতে বৃক্ষ ৰোপন কৰিব লাগে, মাজৰ এঢলীয়া খিনিত উদ্যান শস্য ৰুব লাগে আৰু নামনিৰ এঢলীয়া আৰু উপত্যকাৰ তলি ভাগ প্ৰধান খাদ্য শস্যৰ বাবে আকৃতিটো দিব লাগে। লগেত এই পৰামৰ্শও দিয়া হৈছে যে একলগে ঝুম খেতি পুনৰ সংস্থাপনৰ উদ্দেশ্য তাত ছেঁই ধৰা শস্য যেনে, ৱাট্ল (Acacia Mollesimav ardurrans) নতুনকৈ এৰি থৈ অহা ঝুম খেতিত ৰুব পাৰি। Acacia Mollesivardurrans ৰ পৰিপক্কতাৰ সময় ৮-৯ বছৰ হলেও আগতেও গোটাব পাৰি। শস্য খিনি ছেঁই ধৰণৰ বাবে ই ভূমি ভাগত নাইট্ৰজেন বৃদ্ধি কৰে আৰু ভূমি ভাগ সেমেকা কৰি ৰাখে। ধাৰণাটো এনেকুৱা আছিল যেতিয়া ঝুম খেতিৰ চক্ৰত আকৌ ঝুম খেতিৰ আৰম্ভ কৰা হয়, তেতিয়া এই ৱাটল গছ বিলাক কাটি দিয়া হয়, গছৰ ছাল বিলাক ৰংবনাবৈল আৰু গছবিলাক খৰি হিচাপে ব্যৱহাৰ কৰা হয়। কিন্তু গাৰো পাহাৰৰ তিনি ঠাইত পৰীক্ষামূলকভাৱে কৰা ৱাটল খেতিয়ে এটা কথা উদঙাই দিছে যে ইমান কথা কম উচ্চতাৰ ঠাইত এই বিধৰ খেতি নহয়। গতিকে অনুমোদনৰ এই খণ্ডটো ফলপ্ৰসূ হৈ নুঠিল আৰু তাতে সামৰণি মৰা হল।
এই অনুমোদনৰ আন এটা ভাগত থকা উদ্যান শস্যৰ বিষয়ে কবলৈ গলে, এই গাৰো পাহাৰতে কাজু বাদাম, জালুক, পেৰা-ৰবৰ, কফি আদিৰ বাটকটীয়া হিচাপে তিনিটা কেন্দ্ৰত খেতি আৰম্ভ কৰা হৈছিল। যিহেতুকে সেই জনজাতীয় অঞ্চলটোৰ যাতায়ত ব্যৱস্থাৰ সিমান ভাল নহয়, গতিকে আনাৰস, কল আদিৰ দৰে সোনকালে নষ্ট হব পৰা বস্তু সমূহৰ বিপনন কৰাটো টান আৰু সেই বাবে তেনে বস্তুৰ খেতিসমূহ কৰা হোৱা নাই।
তিনিটা কেন্দ্ৰত বাটকটীয়া হিচাপে আৰম্ভ কৰা খেতি কেইডৰাই ভাল ফল দেখুওৱা বাবে উত্সাহিত হোৱা গল আৰু ষষ্ঠ অনুসূচীত থকা আন আন জিলাসমূহৰ বাবে বন বিভাগৰ অধীনতে আন এটা বিভাগে খোলা হল। সংযুক্ত উত্তৰ কাছাৰ আৰু মিকিৰ পাহাৰ জিলা, খাচীয়া-জয়ন্তীয়া পাহাৰ জিলা আৰু মিজো পাহাৰ জিলাত বিস্তৃত উচ্চতা, মাটি আৰু তাপমাত্ৰা, আদ্ৰতা আৰু বৰষুণৰ বাবে তেনেবোৰ ঠাইত কেন্দ্ৰ খোলা হল। ক্ৰমান্বয়ে ভূমি সংৰক্ষণৰ বাবে ১৯৫৮ চন পৰ্যন্ত ভালে কেইখন বন বিভাগ খোলা হল, আৰু ষষ্ঠ অনুসূচীৰ জিলাসমূহত এনেকুৱা ধৰণৰ কাম কৰিবলৈ এখন বেলেগকৈ বন বিভাগ খোলা হল।
১৯৫৯ চনলৈ কামটোৱে ব্যাপক প্ৰসাৰতা লাভ কৰিলে আৰু ভূমি সংৰক্ষণৰ কাম কৰিবলৈ এটা বেলেগ বিভাগ খুলিবলৈ থিৰাং কৰা হল। মুখ্য বন সংৰক্ষক ডাঙৰীয়াক ভূমি সংৰক্ষণ বিভাগৰ সঞ্চালকৰ দায়িত্বও অৰ্পন কৰা হল। ১৯৬০ চনত ভূমি সংৰক্ষণৰ বিভাগৰ কাম কাজখিনি ষষ্ঠ অনুসূচীৰ বাহিৰৰ ঠাই সমূহলৈও লৈ যোৱা হল আৰু এটা মাননি অসম ভূমি সংৰক্ষণ বিভাগ খোলা হল। তাৰ পিছত নষ্ট নোহোৱা শস্যৰ খেতিৰ খোলা হল। তাৰ পিছত নষ্ট নোহোৱা শস্যৰ খেতৰ দ্বাৰা উত্সাহিত হৈ কাজু-বাদাম, কফি আৰু জালুকৰ খেতি কৰিবলৈ ঋণ তথা ৰাজ সাহায্যৰ আঁচনি এখন প্ৰস্তুত কৰিলে। এই আঁচনিখনৰ মতে জনজাতি সমূহে কৰা ক্ষুদ্ৰ পৰিসৰৰ আঁচনিখনৰ আধা খৰচ ৰাজসাহায্য হিচাপে আৰু বাকী থকা আধা অংশ খেতি চপোৱাৰ পিছত সহজ কিস্তিত আদায় দিয়াৰ ব্যৱস্থা থাকিব। নতুনকৈ এৰি অহা ঝুম খেতিৰ মাটিত কাজু বাদামৰ খেতিখন প্ৰাথমিক অৱস্থাত কৰা হব যাতে এই বিধ শস্যৰ খেতিয়ে স্থায়ীভাৱে খেতি মাটি ডৰা আগুৰি ধৰে আৰু লগে লগে আয়ৰ উত্সও হৈ পৰে। যিহেতুকে নিম্ন স্তৰত কাৰিকৰী কৌশল জনা মানুহৰ সংখ্যা কম, গতিকে এনেকুৱা মালভূমি খণ্ডত জনজাতীয় মানুহে স্থায়ীভাৱে শস্য উত্পাদনৰ ব্যৱস্থা কৰিব পাৰিব বুলি প্ৰাথমিক অৱস্থাত আশা কৰিব নোৱাৰি। তথাপিও ভূমি সংৰক্ষণ বিভাগৰ প্ৰশিক্ষিত বিষয়াসকলৰ নিৰীক্ষণত যত এঢলীয়া বিলাক মধ্যমীয়া আৰু বান্ধ দি আৰু জলসিঞ্চনৰ যোগে খেতি কৰি লাহে লাহে এই আঁচনিখনত অগ্ৰগিত লাভ কৰা হৈছিল। মালভূমি অঞ্চলত ধানৰ খেতি কৰিবলৈ বুলি কিছুমান ওখ বান্ধ আৰু লঘু ধৰণৰ পাম্পেদি জলসিঞ্চনৰ ব্যৱস্থা কৰি পৰীক্ষামূলকভাৱে খেতি কৰা হৈছিল।
১৯৫৮-৫৯ চনত খহনীয়া হোৱা ঠাইত সংযুক্ত খাচীয়া আৰু জয়ন্তীয়া পাহাৰ জিলাৰ জিলা পৰিষদে দুটা কেন্দ্ৰত বৃক্ষ ৰোপন কায্যসূচী হাতত লৈছিল আৰু তাৰ পিছতে অৰ্থবহভাৱে মিজো পাহাৰ জিলাত আৰু এতিয়াও সংযুক্ত মিকিৰ পাহাৰ আৰু উত্তৰ কাছাৰ জিলাত হৈ আছে।
১৯৬৩ চনৰ জুলাই মাহত শ্ৰী এম চি জেকব ডাঙৰীয়াই অসমৰ ভূমি সংৰক্ষণৰ বিভাগৰ সঞ্চালকৰ পূৰ্ণকালিন দায়িত্বভাৰ গ্ৰহণ কৰে। এটা বাটকটীয়া প্ৰকল্প হিচাপে প্ৰথম আৰম্ভণিৰপৰা ৰাজ্যৰ ভূমি সংৰক্ষণ বিভাগৰ লগত ইয়াৰ বিভিন্ন উন্নয়নৰ মাজত তেখেত সংপৃক্ত হৈ আছিল, তেখেত প্ৰথমে বান সংৰক্ষক আৰু পিছত মুখ্য বন সংৰক্ষক আৰু বন বিভাগৰ পদবীৰ পৰা আঁতৰি অহাৰ পিছৰ পৰা ভূমি সংৰক্ষণৰ বিভাগৰ সঞ্চালক পদত অধিষ্ঠিত হৈ আছিল। তেতিয়াৰ পৰা বিভাগটোৱে স্বাধীনভাৱে কাম কৰি আছে আৰু ইয়াৰ অধীনত বিভিন্ন বিভাগৰ সৃষ্টি হৈছে।