মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ ভূমি সংৰক্ষণ ভূমি সংৰক্ষ সঞ্চালকালয়

স্থান পৰিদৰ্শন

স্থান পৰিদৰ্শনৰ মতামতঃ

তাৰিখঃ ২৭.০৮.২০১৫। ঠাইঃ গোলাঘাট এছ চি ডিভিজন, ধনশিৰি এছ চি ৰেঞ্জ, সৰুপথাৰ
(ক)  গোলাঘাট-৩, লাংঠাজান আই ডব্লিউ এম পি আৰু
(খ) গোলাঘাট-২, গেলাজান আই ডব্লিউ এম পি.

সোণালী পথাৰ গাঁৱৰ ভেটাৰ পকা কাম বন্ধ, সোণালী পথাৰ এম ডব্লিউ এছঃ

সাজি লোৱা বান্ধটোৱে ওচৰ-পাজৰৰ ধান খেতিত পানী ধৰি ৰাখে যদিও কৃষকসকলে মূল দেৱালখনৰ উচ্চতাটো বাঁহৰ ভেঁটা দি ৰাখে। প্ৰাক্কলন নক্সাত থকা মতে আৰ চি চি গাঁথনিটো যথেষ্ট নহয়। এটা নিৰ্দ্দিষ্ট পৰিমাণৰ পানীৰ চাপ আৰু চি চি দেৱালে যেনেকৈ ৰাখিব, ইটাৰ দেৱালে সিমানখিনি পানীৰ চাপ সহিব নোৱাৰে।  উদাহৰণ হিচাপে, ১.৫০ মিঃ ওখ, ৬ মিঃ দীঘল আৰু ০.৪০ মিঃ ডাঠ প্ৰস্তাৱিত মূল দেৱাল এখনে বেছি দিনৰ কাৰণে পানীৰে চাপ সহ্য কৰিব নোৱাৰিব। কাষৰীয়া দেৱাল বিলাক নক্সা মতে সজা হোৱা নাই। গাঁথনিটোৰ চৌদিশে থাকিব লগা মাটিৰ কাম খিনি সম্পূৰ্ণ হোৱাগৈ নাই। মূল দেৱালখনৰ উচ্চতা নক্সা মতে দিয়া হোৱা নাই। প্ৰাক্কলন খনৰ লগত সংলগ্ন হৈ থাকিব লগা হিচাপ খিনি তাত লোৱা হোৱা নাই। কাম খিনি এতিয়াও সম্পূৰ্ণ হোৱা নাই।

১ নং আমগুৰি গাঁৱৰ নলাৰ বান্ধ আৰু চেপেটা শিলৰ কালভাৰ্ট, আমগুৰি এম ডব্লু এছ।

চেপেটা শিলৰ কালভাৰ্ট আৰু নলাৰ বান্ধ দিয়াৰ উদ্দেশ্যটো সফল হৈছে, যিহেতুকে ইয়াৰ মাজেদি অতিৰিক্ত পানীখিনি বৈ যাব পাৰে। সজোৱা কামখিনি বৰকৈ চকুত লগা বিধৰ হৈছে। কামখিনি এতিয়াও সম্পূৰ্ণ হোৱাগৈ নাই।

হলৌগুৰি (বৰ হোলা)ৰ শিলৰ পাৰ বান্ধি হিউম পাইপ বহুৱাই দিয়া, বৰহোলা এম ডব্লু এছ।

পানী যোৱা নলাৰ শাৰীটোত লগাতকৈ কালভাৰ্টৰ আকৃতিটো সৰু দেখা গৈছে, দুশাৰী হিউম পাইপ যথেষ্ট হলহেতেন। প্ৰাক্কলনত থকাৰ দৰে শিলৰ ডোখৰ বিলাক তাঁৰেৰ নবন্ধাকৈ আলকটৰা দিয়া হৈছে। কামখিনি সম্পূৰ্ণ হোৱা নাই।

জনতাপথাৰ এম ডব্লু এছ ৰ অধীনত আমগুৰি গাঁৱত ৰাস্তাৰ কাষত বৃক্ষ ৰোপন।

লোহাৰে ঘেৰ দি সুচাৰুৰূপে বৃক্ষৰোপন কৰা হৈছে। সৰ্বমুঠ ৫৭ জোপা বৃক্ষৰোপন কৰা হৈছে।

জনতাপথাৰ এম ডব্লু এছৰ অধীনত আমগুৰি গাঁৱত পুখুৰী খনন

প্ৰাক্কলনত থকা মতেই পুখুৰীটো খন্দা হৈছে আৰু ই ব্যৱহাৰকাৰীসকলৰ কামত আহিব।

সোণালী নগৰ গাঁৱত নলাৰ বান্ধ আৰু শিলৰ ডোখৰৰ কালভাৰ্ট, গেলাজান এম ডব্লু এছ

এই প্ৰকল্পটোৰ আৰ চি চি অংশটো সম্পৰ্ণ হৈছে আৰ এই অঞ্চলৰ পৰা  অতিৰিক্ত পানী খিনি সহজে ওলাই যাব পৰা হৈছে। মাটিৰ কাম আৰু শিলত আৰকটৰা দিয়া কাম খিনি সম্পৰ্ণ হোৱাগৈ নাই। ওচৰতে খন্দা নলাত নলা বান্ধৰ মাটিৰ কাম খিনিয়ে ওপৰা-ওপৰি কৰিব যেন লাগে।

পদুমপুখুৰী গাঁৱৰ কৃষি পথাৰৰ বান্ধঃ পদুম পুখুৰী এম ডব্লু এছ

কৃষি পথাৰৰ বান্ধখিনি সম্পূৰ্ণ হোৱাগৈ নাই। কাষৰ এঢলীয়া খিনি আৰু কিমান ডাঠকৈ পুতিব লাগে সেইখিনি ঠিক ঠাক কৰি কামখিনি সম্পূৰ্ণ কৰিবলৈ কোৱা হৈছে।