মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ ভূমি সংৰক্ষণ ভূমি সংৰক্ষ সঞ্চালকালয়

কৰ্ম তালিকা

  • ভূমি সংৰক্ষণ সঞ্চালক, অসমঃ
    বিভাগটোৰ মুৰব্বী হৈছে সঞ্চালক। কাৰিকৰী অনুমোদন মতে তেখেত বাজেট প্ৰস্তুত কৰাৰ দায়িত্ব আৰু সকলো ধৰণৰ বিভাগীয় আঁচনি চোৱা চিতা কৰিব লাগে।
  • ভূমি সংৰক্ষণ বিভাগৰ অতিৰিক্ত সঞ্চালকঃ
    বিভাগটোৰ আঞ্চলিক মুৰব্বী হৈছে অতিৰিক্ত সঞ্চালকজন। বাজেট প্ৰস্তুতি আৰু কাৰিকৰী অনুমোদন অনুসৰি নিজৰ অঞ্চলৰ প্ৰাক্কলন আৰু নিজৰ অঞ্চলৰ আঁচনিসমূহ চোৱা চিতা কৰাৰ দায়িত্ব।
  • ভূমি সংৰক্ষণ বিভাগৰ যুটীয়া সঞ্চালকঃ
    যুটীয়া সঞ্চালক (মুখ্য কায্যালয়) জন মুখ্য কায্যালয়ত সঞ্চালকৰ লগত সংলগ্ন হৈ থাকে আৰু সঞ্চালকালয়ৰ প্ৰশাসনীয় কাম-কাজসমূহ চোৱা চিতা কৰাৰ উপৰি সঞ্চালকক প্ৰশাসনীয় কাম-কাজত সহায় কৰিব লাগে। নামনি অসমৰ ভূমি সংৰক্ষণৰ যুটীয়া সঞ্চালক জন হৈছে নামনি অসমত স্থাপিত নামনি অসম চক্ৰৰ এজন কৰ্মকৰ্তা আৰু পৰিদৰ্শন কাৰী বিষয়া। আৰু নদী উপত্যকা প্ৰকল্পৰ অধীনত ভূমি সংৰক্ষণৰ যুটীয়া সঞ্চালক জন নদী উপত্যকা প্ৰকল্পৰ বিভিন্ন কৰ্মৰাজিৰ বাবে দায়ী।
  • প্ৰকল্প বিষয়াঃ
    সঞ্চালক আৰু অতিৰিক্ত সঞ্চালকৰ কাৰ্যালয়ৰ লগতে সংলগ্ন বিষয়া। তেওঁলোকে সাধাৰণতে বাজেট প্ৰস্তুতি আৰু আঁচনিৰ আন আন কামসমূহ কৰে।
  • সংমণ্ডল ভূমি সংৰক্ষণ বিষয়াঃ
    বিভাগীয় ভূমি সংৰক্ষণ বিষয়াজন হৈছে সেইটো বিভাগৰ মুৰব্বী। আঁচনি আৰু প্ৰাক্কলন প্ৰস্তুতি, তেওঁৰ অধীনস্থ আঁচনিসমূহ কাৰ্যকৰী কৰা সঞ্চালকৰ ওচৰত নগদ ধন জমা কৰাটোও তেওঁৰ দায়িত্ব।
  • সহকাৰী ভূমি সংৰক্ষণ বিষয়াঃ
    সাধাৰণতে এওঁলোক সঞ্চালকালয়ত সংলগ্ন হৈ থাকে। এজন ASCO ই পৰিসংখ্যা বিষয়ক কাম-কাজ চোৱা-চিতা কৰে আৰু আনজনে আন আন কামত সঞ্চালকক সহায় কৰে। বিভাগ সমূহত ASCO সকল বিভাগীয় বিষয়াজনক পৰিদৰ্শন, আঁচনি আৰু প্ৰাক্কলন প্ৰস্তুতি, প্ৰতিবেদন দাখিল কৰা আদি কামত সহায় কৰে।
  • বিত্ত আৰু গাণনিক বিষয়াঃ
    তেওঁ বিত্ত বিভাগৰ পৰা ডেপুটেচনত অহা এজন বিষয়া আৰু তেওঁৰ দায়িত্ব হৈছে বিত্তীয় আৰু হিচাপ পৰীক্ষণৰ বিষয়ে সঞ্চালকক পৰামৰ্শ দিয়া।
  • ভূমি সংৰক্ষণৰ আঞ্চনিক বিষয়াঃ
    ভূমি সংৰক্ষণ ৰেঞ্জাৰসকল হৈছে বিভাগৰ অন্তৰ্গত ৰেঞ্জসমূহৰ দায়িত্ববাহী আৰু তেওঁলোকৰ ৰেঞ্জৰ পৰিসীমাৰ ভিতৰত ভূমি সংৰক্ষণৰ সকলো কাম-কাজৰ বাবে পোনপটীয়াকৈ দায়ী। তেওঁ আকৌ বিভিন্ন প্ৰকল্পৰ বাবে আঁচনি আৰু প্ৰাক্কলন প্ৰস্তত কৰিব লাগে আৰু মাহিলী নগদ ধনৰ হিচাপটো বিভাগীয় বিষয়াক দিব লাগে আৰু তেওঁৰ ৰেঞ্জৰ সকলো ক্ষেত্ৰীয় কাম-কাজ চোৱা চিতা কৰিব লাগে।
  • ভূমি সংৰক্ষণ অভাৰ চিয়াৰঃ
    ভূমি সংৰক্ষণ  অভাৰ চিয়াৰ জন হল এজন কাৰিকৰী ব্যক্তি, যিজনৰ দায়িত্ব হৈছে আঁচনি আৰু প্ৰাক্কলন প্ৰস্তুত কৰা আৰু পৰীক্ষা কৰা, জৰীপ কৰা, ভূমি সংৰক্ষণৰ কাম-কাজ পৰীক্ষা কৰা আৰু MB লিপিবদ্ধ কৰা।
  • ভূমি সংৰক্ষণ প্ৰদৰ্শক (জ্যেষ্ঠ):
    ভূমি সংৰক্ষণ ডেমনষ্টেটৰ (জ্যেষ্ঠ) হল এজন প্ৰশাসনীক কৰ্মচাৰী যিজনে ৰেঞ্জৰ বিষয়াসকলক বিভিন্ন ক্ষেত্ৰীয় কাম আৰু জৰীপৰ সহায় কৰিব লাগে।
  • ভূমি সংৰক্ষণ প্ৰদৰ্শক (কনিষ্ঠ):
    ভূমি সংৰক্ষণ ডেমনষ্ট্ৰেচনৰ (কনিষ্ঠ) হল প্ৰশাসিনক কৰ্মচাৰী, যিজনে ৰেঞ্জৰ বিষয়াসকলক বিভিন্ন ধৰণৰ কৰ্ম সম্পাদন কৰা আৰু জৰীপৰ কামত সহায় কৰে।
  • নক্সাকাৰঃ  
    তেওঁবিলাকে সাধাৰণতে মেপ প্ৰস্তুত কৰে আৰু জৰীপৰ কামত অভাৰ চিয়াৰক সহায় কৰে।
  • ভূমাপকঃ
    বিভাগৰ বিভিন্ন প্ৰকল্প জৰীপ কৰা কাম জৰীপকাৰীসকলক দিয়া হয়।
  • ভূমি সংৰক্ষণৰ ক্ষেত্ৰীয় কৰ্মীঃ
    ভূমি সংৰক্ষণৰ ক্ষেত্ৰীয় কৰ্মীসকল হল প্ৰশাসিনক কৰ্মচাৰী, ৰেঞ্জৰ বিষয়াবৰ্গক বিভিন্ন ক্ষেত্ৰীয় কামত সহায় কৰিবলৈ তেওঁলোকক নিয়োগ কৰা হয়।
  • ভূমি সংৰক্ষণৰ মালীঃ
    প্ৰশাসনিক কৰ্মচাৰী বৃন্দৰ ভিতৰত নিম্নতম পদবী, যিবিলাকক সাধাৰণতে গছ-গছনি ৰোৱা কামত ব্যৱহাৰ কৰা হয়।