মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ ভূমি সংৰক্ষণ ভূমি সংৰক্ষ সঞ্চালকালয়

বিভাগৰ মানৱ সম্পদ উন্নয়ন

মানৱ সম্পদ উন্নয়নৰ অৰ্থে বিভাগটোৱে আধুনিক কাৰিকৰী কৌশল আৰু তাৰে লগত সংপৃক্ত কৰ্মৰাজিৰ সৈতে চিনাকি হবলৈ বিষয়া আৰু কৰ্মচাৰীসকলক বিভিন্ন প্ৰশিক্ষণ ব্যৱস্থা কৰিছে। ভূমি সংৰক্ষণ বিভাগে বিষয়া বৰ্গক ডেৰাডুনৰ ৰাষ্ট্ৰীয় ভূমি আৰু জল সংৰক্ষণৰ গৱেষণা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান(Central Soil Water Conservation Research and Training Institute) লৈ ৫১/২ মহীয়া প্ৰশিক্ষণ লবলৈ পঠাইছে। প্ৰতি বছৰত দুবাৰ এই প্ৰশিক্ষণটো আৰম্ভ হয়। ২০১৩-১৪ চনৰ পৰা এই প্ৰশিক্ষণৰ পাঠ্যক্ৰমটো চুটি কৰি ৪ মহীয়া কৰা হৈছে, যাতে বছৰটোৰ ভিতৰত ৩টা দলৰ বিষয়াক প্ৰশিক্ষণ দিব পৰা হয়। তদুপৰি, মাহুৰত থকা অসম ভূমি সংৰক্ষণ প্ৰশিক্ষণ বিদ্যালয়খন সুৰক্ষা কৰ্মৰ স্বাৰ্থত সেনা-বাহিনীয়ে বিদ্যালয়ৰ কাৰ্যালয় ঘৰটো দখল কৰি থকা বাবে বিদ্যালয়খন বন্ধ হৈ আছে। এতিয়া এই বিদ্যালয়খন মাহুৰৰ পৰা কামৰূপ গোটানগৰলৈ স্থানান্তৰ কৰিবলৈ গুণা-গঠা কৰি আছে, যাতে বিদ্যালয়খন আকৌ আৰম্ভ কৰিব পৰা যায়। বিভাগটোৱে বিষয়া বৰ্গ আৰু ক্ষেত্ৰীয় কৰ্মীসকলক ইচ্ছা কৰা মতে প্ৰয়োজনীয় স্তৰলৈ প্ৰশিক্ষণ দিব পৰা নাই। যিয়ে হওক বিভাগটোৱে বিষয়া বৰ্গৰ সক্ষমতা বৃদ্ধিৰ বাবে চেষ্ট কৰি আছে।